নিজৰ প্ৰিয় বাছ আস্থানক লৈ সুৰেশ মেহেন্দালে চিন্তিত। তেওঁৰ অনুপস্থিতিত হয়তো তাৰ চৌহদটো কোনো চাফা কৰাই নাই। তেওঁ প্ৰতিদিনে মৰমতে বিস্কুট খুওৱা সেই কুকুৰৰ পোৱালীকেইটা হয়তো ভোকত আছে। পুণে জিলাৰ মুলছি তালুকাৰ পৌড়ৰ বাছ আস্থানত থকা তেওঁৰ সেই অনুসন্ধান কক্ষৰ দ্বাৰ বন্ধ হৈ থকা এমাহৰ বেছি হ’ল। পৌড় হৈ যাবলগীয়া বা আহিবলগীয়া বাছবোৰৰ তেঁৱেই হিচাপ ৰাখে।

“মই যোৱা ২৮ দিন ধৰি পৌড়লৈ যোৱা নাই। আশা কৰিছো তাত সকলো ঠিকেই আছে,” মই স্বাৰগেটৰ বাছ আস্থানত যোৱা ২৬ নৱেম্বৰত লগ পোৱা ৫৪ বছৰীয়া মেহেন্দালেই এনেদৰেই কৈছিল।  তেওঁৰ নিজৰ বাছ আস্থানৰ পৰা ৩৫ কিলোমিটাৰ দূৰত স্বাৰগেট আস্থানৰ প্ৰৱেশদ্বাৰত স্থাপন কৰা তম্বুত তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহন নিগম (এমএছআৰটিচি)ৰ আন সহকৰ্মীৰ সৈতে ধৰ্ণাত অংশ লৈছে। যোৱা ২৭ অক্টোবৰৰ পৰা সমগ্ৰ ৰাজ্যৰ এমএছআৰটিচি-ৰ শ্ৰমিক সকলে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিছে।

ৰাজ্যিক পৰিবহনৰ প্ৰায় ২৫০ জন কণ্ডাক্টৰ আৰু ২০০ জন ড্ৰাইভাৰে এই ধৰ্মঘটত ভাগ লৈছে। “এজন ৰাজ্যিক পৰিবহনৰ শ্ৰমিকৰ মৃত্যু(আত্মহত্যা)ত হোৱা প্ৰতিবাদৰ পৰা এই ধৰ্মঘটৰ আৰম্ভ হৈছিল। যোৱা বছৰ প্ৰায় ৩১ জন শ্ৰমিক আত্মঘাতী হৈছে।” মেহেন্দোলেই ঘটনাক্ৰমৰ ব্যাখ্যা কৰি কয়। তেওঁক লগ পোৱাৰ তিনিদিনৰ ভিতৰতে আন দুজন শ্ৰমিকে আত্মহত্যা কৰিছে। দৰমহা পোৱাত পলম হোৱাৰ বাবে ৰাজ্যিক পৰিবহনৰ শ্ৰমিকসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে । ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ লগতে এই পৰিস্থিতিৰ অৱনতি ঘটিছে। মাল-বস্তু পৰিবহনৰ বাহিৰে নিগমৰ আয়ৰ অন্য কোনো পথ নাই।

Suresh Mehendale (in the striped t-shirt) with ST bus conductors on strike at Swargate bus depot in Pune. On his left are Anita Mankar, Meera Rajput, Vrundavani Dolare and Meena More.
PHOTO • Medha Kale
Workshop workers Rupali Kamble, Neelima Dhumal (centre) and Payal Chavan (right)
PHOTO • Medha Kale

বাওঁফালেঃ পুণেৰ স্বাৰগেট বাছ ডিপ’ত সেয়া ধৰ্মঘটত এছটি বাছ কণ্ডাক্টৰসকলৰ সৈতে সুৰেশ মেহেন্দালে (আঁচ টনা টিচাৰ্ট পৰিহিত)। তেওঁৰ বাওঁফালে অনীতা মানকাৰ, মীৰা ৰাজপুত, ব্ৰুন্দাৱনী দোলাৰে আৰু মীনা ম’ ৰে। সোঁফালেঃ ৱৰ্কশ্বপৰ কৰ্মী ৰূপালী কাম্বলে, নীলিমা ধুমল (সোঁমাজত) আৰু পায়ল চৱন (সোঁফালে)

শ্ৰমিকৰ মৃত্যুৰ বিষয়টো লৈ এমএছআৰটিচিৰ শ্ৰমিকৰ দ্বাৰা যোৱা ২৭ অক্টোবৰত হোৱা অনশনৰ পাছদিনাৰ পৰা দৰমহা বৃদ্ধি আৰু পাওনাৰ আদায়ক লৈ সমগ্ৰ মহাৰাষ্ট্ৰত সৰ্বাত্মক প্ৰতিবাদৰ সূচনা হয়। ‘আমি মাৰ্জিঙৰ বাবে হেচা দিছো’। ৰাজ্য চৰকাৰৰ লগত এমএছআৰটিচিৰ একত্ৰীকৰণৰ প্ৰসংগটো উনুকিয়াই দি মেহেন্দোলেই মন্তব্য কৰে। শ্ৰমিকসকলে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সমমৰ্য্যদা, সমবেতন আৰু অন্যান্য সা-সুবিধাৰ দাবী জনাইছে।

১৯৫০ চনত পথ পৰিবহন নিগমৰ আইনৰ অধীনত মহাৰাষ্ট্ৰৰ ৰাজ্যিক চৰকাৰে গঠন কৰা এমআৰএচটিচি এটা স্বতন্ত্ৰ সংস্থা। নিগমে ২৫০ টা ডিপ’ আৰু ৫৮৮ টা বাছ আস্থান আৰু প্ৰায় ১০৪,০০ জন কৰ্মচাৰীৰে সমগ্ৰ ৰাজ্যতে ‘গাওঁ তিথে ৰাস্তা, ৰাস্তা তিথে এছটি’ (প্ৰতিখন গাঁৱতে এটাকৈ ৰাস্তা, প্ৰতি ৰাষ্টাতে এখনকৈ এছটি বাছ) মূলমন্ত্ৰ সাৰোগত কৰি যাত্ৰীবাহী বাছৰ সেৱা আগবঢ়ায়।

ত্ৰিশোৰ্ধ ব্ৰুন্দাৱনী দোলাৰে, মীনা ম’ৰে আৰু মীৰা ৰাজপুত শ্ৰমিকসকলৰ দাবীৰ প্ৰতি তীব্ৰ সমৰ্থক। স্বাৰগেট ডিপ’ত সমবেত হোৱা ৪৫ গৰাকী মহিলা কণ্ডাক্টৰৰ ভিতৰত তেওঁলোকো আছে। তেওঁলোকে বিশ্বাস কৰে যে প্ৰস্তাৱিত একত্ৰীকৰণেহে তেওঁলোকৰ সমস্যাৰ সমাধান আনিব। ‘আমি সদায় ১৩-১৪ ঘণ্টা কাম কৰো, কিন্তু ৮ ঘণ্টাৰহে বেতন পাওঁ। আমাৰ ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈ কোনো সুবিধাই নাই,’ মীনাই এনেদৰে কয়। “২৮ অক্টোবৰৰ পৰা এখনো বাছ ডিপ’ৰ পৰা ওলোৱা নাই। ৰাজ্য চৰকাৰে একত্ৰীকৰণক লৈ জনোৱা দাবী মানি নোলোৱালৈ আমি পিছ হুহকি নাযাও।” মীনাই জনায়।

“২৫০ টাৰ ডিপ’ৰ আটাইকেইটা আৰু ড্ৰাইভাৰ কণ্ডাক্টৰ আৰু ৱৰ্কশ্বপত কাম কৰা প্ৰায় এক লাখ শ্ৰমিকে ধৰ্মঘট কৰিছে। কেৱল কেইজনমান ঠিকাভিত্তিক শ্ৰমিক ঘুৰি গৈছে,” এনেদৰে স্বাৰগেটত ডিপ’ত যোৱা ১২ বছৰে কণ্ডাক্টৰৰ কাম কৰি থকা ৩৪ বছৰীয়া অনীতা অশোক মানকাৰে কয়। আগতে অমৰাৱতী জিলাৰ নিবাসী অনীতা বৰ্তমান মুলছিৰ ভূগাঁৱৰ ওচৰৰ মাতালৱাড়ী ফাটাত থাকে। পুণে কোলৱান লাইনৰ বাছত তেওঁৰ প্ৰায়েই ডিউটী থাকে।

School children near Satesai walking to school to Paud, 10 kilometres away.
PHOTO • Medha Kale
Shivaji Borkar (second from the left) and others wait for a shared auto to take them to their onward destination from Paud
PHOTO • Medha Kale

বাওঁফালেঃ সাতেচাইত স্কুলীয়া ছাত্ৰা-ছাত্ৰীক ১০ কিলোমিটাৰ দূৰৰ পৌড়স্থিত স্কুললৈ খোজকাঢ়ি যোৱা দেখা গৈছে। সোঁফালেঃ শিৱাজী ব ৰকাৰ (বাওঁফালৰ পৰা দ্বিতীয়জন) আৰু আন কেইজনমানে পৌড়ৰ পৰা নিজৰ গন্তব্যস্থললৈ বুলি শ্বেয়াৰ্ড অটোৰ বাবে অপেক্ষা কৰিছে

মহাৰাষ্ট্ৰ টাইমছক দিয়া এটা সাক্ষাৎকাৰত অৱশ্যে প্ৰৱীণ শ্ৰমিক নেতা পান্নালাল ছুৰানাই কয় যে একত্ৰীকৰণটো ভাল আইডিয়া নহয়। ১৭ বছৰ ধৰি মহাৰাষ্ট্ৰ ৰাজ্য এছটি ৰাজ্যিক পৰিবহনৰ প্ৰাক্তন সভাপতি ছুৰাণাই লগতে কয় যে তেওঁ অধিক বেতনৰ দাবীটো সমৰ্থন কৰে। তেওঁ কয় যে ৰাজ্য পথ পৰিবহন নিগমৰ স্থাপনা হৈছিল চৰকাৰী বিভাগৰ অনুমতি নোহোৱাকৈ খৰতকীয়াকৈ আৰু স্বতন্ত্ৰভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰিবলৈহে।

প্ৰতিবাদী শ্ৰমিকৰ কিছুমানে এমএছআৰটিচিৰ পৰা সমহাৰত বেতন বিচাৰিছে। “আমাক পুৰুষ সহকৰ্মীতকৈ কমকৈ বেতন দিয়া, সেয়াও সময় মতে আদায় নিদিয়ে। আমাক এই সমস্যাবোৰৰ সমাধান লাগিব”। ২৪ বছৰীয়া পায়েল চৱনে এনেদৰে কয়। তেওঁক ৰূপালী কাম্বলে আৰু নীলিমা ধুমালৰ লগত একেলগে তিনিবছৰৰ আগতে স্বাৰগেট ডিপ’ৰ ৱৰ্কশ্বপ বিভাগত যান্ত্ৰিক আৰু বৈদ্যুতিক তত্ত্বাৱধান সহায়ক হিচাপে মকৰল কৰা হৈছিল।

এমএচআৰটিচিৰ পুণে খণ্ডটোৱে ধৰ্মঘটটোৰ ফলত প্ৰতিদিনে প্ৰায় ১.৫ কোটি টকাৰ লোকচান ভৰি আছে বুলি জনা যায়। ব্যক্তিগত খণ্ডই পৰিচালনা কৰা বাতানুকুল বাছবোৰৰ বাহিৰে, ৮৫০০ খন বাছ যাতায়াত নকৰাকৈ ৰাখি থোৱা হৈছে। যাৰ ফলত তেওঁলোকে প্ৰতিদিনে সেৱা আগবঢ়োৱা গড়ে ৬৫,০০০ জন যাত্ৰীৰ যাতায়াতৰ সমস্যা হৈছে।

পৌড়ত ইয়াৰ প্ৰভাৱ লক্ষণীয় হৈ পৰিছে। শিৱাজী বৰকাৰে আজিকালি পৌড়ৰ পৰা এখন শ্বেয়াৰ্ড অটো লবলৈ বাধ্য হৈ পৰিছে। তেওঁ পুণে মহানগৰৰ পৰা মুলছিৰ ৰিহে নামৰ এখন গাঁৱত থকা তেওঁৰ ফাৰ্মলৈ প্ৰতি সপ্তাহে ৪০ কিলোমিটাৰ ভ্ৰমণ কৰিবলগীয়া হয়। ৰাইজৰ পৰিবহন হিচাপে তেওঁ পুণে মহানগৰ পৰিবহন মহামণ্ডল লিমিটেডৰ বাছত পুণে মাৰ্কেট য়াৰ্ডৰ পৰা পৌড়লৈ চলা-ফিৰা কৰে।

Commuters have had to turn to other modes of transport from Pune city due to the ST strike across Maharashtra.
PHOTO • Medha Kale
The locked enquiry booth at Paud bus stand
PHOTO • Medha Kale

বাওঁফালেঃ সমগ্ৰ মহাৰাষ্ট্ৰত এছটি ধৰ্মঘট চলি থকা কাৰণে পুণেৰ পৰা যাতায়ত কৰাসকলে বিকল্প বাচি ল বলগা হৈছে। সোঁফালেঃ পৌড় বাছ ষ্টেণ্ডৰ তলাবন্ধ অনুসন্ধান কেন্দ্ৰ

২৭ নৱেম্বৰত মই তেওঁৰ লগতে আন পাঁচজনক আগলৈ যাবলৈ অটোলৈ প্ৰতীক্ষা কৰি থকা অৱস্থাত লগ পাইছিলো। দুঘণ্টা উকলি গৈছিল, পিছে তেওঁলোক উঠি থকা ছজনীয়া আসনৰ যানখন ১৪ খন আসন – ৮ খন মাজত, ৪ খন পাছত আৰু চালকৰ দুয়োফালে দুখন আসন ভৰ্তি হ’লেহে যাব। ‘ৰৈ থকাৰ বাহিৰে আমি এতিয়া কিনো কৰিব পাৰোঁ?’ ব’ৰকাৰে কৈছিল, “এছটি বাছবোৰ আমাৰ গঞাৰ জীৱন ৰেখা। এমাহেই হৈ গল, এতিয়ালৈ কোনো বাছ নাই।” তেওঁ কয় যে অটোচালকে তেওঁলোকৰ পৰা টিকটৰ দাম দুগুণ বহাই লয়, আনহাতে এছটি বাছে বয়সস্থ লোকৰ পৰা আধাহে ভাড়া লয়।

কোলৱান (মুলছি তালুকা), জাৱন আৰু তালেগাঁৱলৈ দৈনিক পাঁচখন বাছ যোৱা পৌড়ৰ বাছ আস্থানটো এতিয়া জনশূণ্য। বন্ধুৰ বাবে ৰৈ থকা নাম প্ৰকাশত অনিচ্ছুক বা ফটো উঠিবলৈ অমান্তি হোৱা তিনিজনী ছোৱালীয়ে মোৰ সৈতে কথা পাতিলে। “মোৰ মা-দেউতাই লকডাউনৰ পাছত কলেজলৈ পঠিয়াব নিবিচাৰে। অহা-যোৱাত বহুত বেছি খৰচ হয়। মই দ্বাদশ শ্ৰেণীত থকালৈকে মোৰ এখন বাছৰ বিনামূলীয়া পাছ আছিল,” তেওঁলোকৰ মাজৰে এগৰাকীয়ে এনেদৰে কৈছিল। দ্বাদশ শ্ৰেণীৰ পাছতেই তেওঁলোকৰ পঢ়া-শুনাৰ আধ্যা পৰিছিল। ছোৱালীবোৰক পঢ়াৰ পৰা এৰুওৱাৰ অজুহাত হিচাপে মাক-দেউতাকে প্ৰায়ে যাতায়তৰ খৰছৰ কথা কয়।

একেদিনাই মই পৌড় পৰা কোলৱানলৈ প্ৰায় ১২ কিলোমিটাৰ খোজকাড়ি স্কুললৈ যোৱা কমেও আঠজন শিক্ষাৰ্থী লগ পালো। পৌড়ৰ এখন স্কুললৈ খৰখেদা কৰি যোৱা সাতেছাই গাঁৱৰ এগৰাকী ছোৱালীয়ে মোক জনালে, “আমি বিদ্যালয়লৈ যাবলৈ ৰৈ আছিলো (ক’ভিড-১৯ লকডাউনৰ পাছত খোলাৰ সময়ত)। পিছে এতিয়া বাছেই নাই। গতিকে খোজকাঢ়িয়েই যাবলগীয়া হৈছে।” ৰাজ্যিক পৰিবহনৰ বাছে ৫ৰ পৰা ১২ লৈ পঢ়া ছোৱালীক বিদ্যালয়লৈ যাবলৈ বিনামূলীয়া পাছ দিয়ে। পিছে বাছেই নাই।

“আমি নিঃস্বতকৈ নিঃস্ব ৰাইজৰ সেৱা কৰো। আমি গম পাওঁ যে তেওঁলোকে কষ্ট ভূগিবলগীয়া হৈছে। পিছে আমি এনেকৈ এৰি দিব নোৱাৰো। মোৰ বিশ্বাস আছে যে ৰাইজে আমাৰ কথা বুজি পাব।” ২৭ বছৰে এমএছআৰএছটিচিত কাম কৰা মেহেন্দোলেই কয়। তেওঁ যান-বাহন নিয়ন্ত্ৰকৰ পৰীক্ষাত ২০২০ চনত উত্তীৰ্ণ হৈছে আৰু পদোন্নতি পাব বুলি আশা কৰি আছে। পিছে এছটি বাছবোৰ আকৌ চলিলেহে এয়া সম্ভৱ হ’বগৈ বুলি তেওঁ জানে। তেওঁ চোৱাচিতা কৰা বাছ আস্থানটোৱে তেওঁৰ প্ৰত্যাৱৰ্তনৰ প্ৰতীক্ষা কৰিছে।

অনুবাদ: অংগৰাগ ভূঞা

Medha Kale
mimedha@gmail.com

Medha Kale is based in Pune and has worked in the field of women and health. She is the Translations Editor, Marathi, at the People’s Archive of Rural India.

Other stories by Medha Kale
Translator : Angarag Bhuyan

Angarag Bhuyan a state level award winning teacher and a poet and have authored two books in Assamese language. He was a former radio jockey and a freelance journalist.

Other stories by Angarag Bhuyan