তেতিয়া ঘিটমিটীয়া আন্ধাৰ, কিন্তু তেওঁ সুৰ্যোদয়লৈ অপেক্ষা কৰিব নোৱাৰে। নিশা দুই বাজিছে আৰু তিনি ঘণ্টাৰ পাছত সেই ঠাইত আৰক্ষী উপস্থিত হৈ তেওঁলোকক বাধা দিব। কাচাৰুপা ধনৰাজু আৰু তেওঁৰ দুজন লগৰীয়াই আৰক্ষী আহি বাধা দিয়াৰ আগেয়ে সেই ঠাই পাৰ হৈ গ’ল। অলপ পাছত তেওঁলোক মুক্ত, তেতিয়া তেওঁলোক থাকিব সমুদ্ৰৰ জলৰাশিৰ মাজত।
‘আৰম্ভণিতে মই খুব ভয় খাইছিলো, মই বহুত সাহস গোটাবলগীয়া হৈছিল। মোক টকা লাগে, মই ভাড়া পৰিশোধ কৰিবলগীয়া আছিল।’ ১০ এপ্ৰিলত বিপজ্জনক নাটকীয় ঘটনাৰ কথা ৪৪ বছৰীয়া ধনৰাজু আৰু তেওঁৰ সহযাত্ৰী দুজনে কয়। তেওঁলোক সকলো দুঃসাহসী মাছমৰীয়াই যন্ত্ৰচালিত নাওখন লৈ নিঃশব্দে নিৰ্ভয়ে তেওঁলোক সমুদ্ৰৰ বুকুলৈ যাত্ৰা কৰে। মৎস্যচিকাৰ আৰু জাহাজত উঠিবলৈ দলং আদি তৈয়াৰ কৰা সকলো কাম তলাবন্ধৰ কাৰণে নিষিদ্ধ কৰা হৈছে। বিশাখাপট্টনমৰ মাছ ধৰা পোতাশ্ৰয়ত প্ৰৱেশ কৰা দুয়োটা পথতে পুৱা ৫ বজাত প্ৰতিদিনে আৰক্ষী উপস্থিত হয়। মাছমৰীয়া আৰু আন মানুহৰ বাবে এইখন বজাৰখন নিষিদ্ধ।
সুৰ্যোদয়ৰ আগতে ৬-৭ কিলোগ্ৰামৰ এটা বাংগাৰু থীগা (কমন কাৰ্প) মাছ লৈ ধনৰাজু উভতি আহিল। ‘এয়া গোপন অভিসাৰ, মই আহি পোৱাৰ কেইমিনিটমানৰ পাছত পুলিচ আহিল। মোক যদি সিহঁতে ধৰিব পাৰিলেহেঁতেন, সিহঁতে মোক প্ৰহাৰ কৰিলেহেঁতেন। কিন্তু এনেকুৱা দুৰ্যোগৰ দিনত জীয়াই থাকিবলৈ যি পাও তাকে কৰিব লাগিব। আজি মই ভাড়া দিম। কাইলৈ আকৌ আন নতুন সমস্যা ওলাব। মোৰ এতিয়াও ক’ভিড-১৯ হোৱা নাই, কিন্ত মই আৰ্থিক অনাটত ভুগিছো,’ তেওঁ কয়।
ছেংগাল ৰাও পেটাত ডা. এন.টি.আৰ. বীচ্চ ৰোডৰ পিছফালৰ সৰু ৰাস্তাটোত তেওঁৰ পুৰণি মামৰে ধৰা ৰোমা চাইকেলখনত বগা কাঠ এচটা লগাই পাতি লোৱা অস্থায়ী দোকানখনত পুলিচৰ চকুত নপৰাকৈ গোপনে ধনৰাজুৱে মাছটো বিক্ৰী কৰিলে। ‘চাইকেলখন মূল পথলৈ নিব পাৰিম বুলি ভাবিছিলো, কিন্তু পুলিচলৈ ভয় লাগিল।’ সাধাৰণতে কিলোগ্ৰামত ২৫০ টকাকৈ পোৱা মাছটো ধনৰাজুৱে ১০০ টকা প্ৰতি কিলো দামত বিক্ৰী কৰিলে বুলি কয়।
কমনকাৰ্প মাছটো স্বাভাৱিক দিনত বিক্ৰী কৰা হ’লে ধনৰাজুৱে ৬-৭ কিলোগ্ৰামৰ বাবে কমেও ১৫০০ টকা পালেহেঁতেন। তদুপৰি তেওঁৰ চাইকেলৰ মাছৰ দোকানে দৃষ্টি আকৰ্ষণ নকৰে। দুদিনমানৰ আগতে ধৰা মাছটো কেৱল ৭৫০ টকাত বিক্ৰী কৰিব লগা হ’ল। এই কামত তেওঁক সহায় কৰিছিল ৪৬ বছৰীয়া পাপ্পু দেৱীয়ে। তেওঁ গ্ৰাহকৰ কাৰণে মাছটো চাফা কৰি কাটি দিয়ে। মাছ কটা আৰু চাফা কৰাৰ বাবদ গ্ৰাহকৰ পৰা তেওঁ ১০-২০ টকা লয়। তেঁৱো তাত আছিল। টকাৰ বাবে বিপদ মূৰ পাতি লৈছিল।
![Left: Kasarapu Dhanaraju sold the fish secretly, on a 'stall' on his old rusted cycle. Right: Pappu Devi, who cleans and cuts the fish, says, 'I think I will survive [this period]'](/media/images/02a-IMG20200410082352-AK-AP_fishermen-betw.max-1400x1120.jpg)
![Left: Kasarapu Dhanaraju sold the fish secretly, on a 'stall' on his old rusted cycle. Right: Pappu Devi, who cleans and cuts the fish, says, 'I think I will survive [this period]'](/media/images/02b-IMG20200410074227-AK-AP_fishermen-betw.max-1400x1120.jpg)
বাওঁফালেঃ পুৰণি মামৰে ধৰা চাইকেলখনতে বনোৱা দোকানত কাচাৰাপু ধনৰাজে গোপনে মাছটো বিক্ৰী কৰিলে। সোঁফালেঃ পাপ্পু দেৱী, তেওঁ মাছটো চাফা কৰিলে আৰু কাটি দিলে, তেওঁ কয়, ‘ভাবিছো, এইবাৰ বাচি যাম (এই সময়খিনিত)’
পোতাশ্ৰয়ৰ পথ যেতিয়া সম্পূৰ্ণ খোলা থাকে, পাপ্পু দেৱীয়ে দৈনিক ২০০-২৫০ টকা পৰ্যন্ত উপাৰ্জন কৰে। তেওঁ মাছ কটা আৰু চাফা কৰা কাম কৰে। ‘এতিয়া মই দিনে এসাজ ভাত খাবলগীয়া হৈছো। জুনলৈকে জীয়াই থাকিব লাগিব। কৰ’ণাভাইৰাছৰ কাৰণে তলাবন্ধৰ সময় জুনৰ পিছতো বৃদ্ধি হ’ব পাৰে,’ তেওঁ কয়। ক্ষন্তেক নীৰৱ হৈ পুনৰ আশাবাদী হৈ তেওঁ কয়, ‘মই ভাবো মই জীয়াই থাকিম।’ দুটা সন্তানৰ মাতৃ এই বিধবা মহিলাগৰাকীৰ ঘৰ অন্ধ্ৰপ্ৰদেশৰ বিজিয়ানগৰম জিলাৰ মেণ্টাদা তহচিলৰ ইপ্পালাৱালাছা গাঁৱত।
পাপ্পু দেৱীয়ে তেওঁৰ জীয়ৰীহঁতক যোৱা মাৰ্চত ইপ্পালাৱালাছাৰ নিজৰ পিতৃ-মাতৃৰ ঘৰলৈ পঠালে। ‘মোৰ মা-দেউতাক চোৱাচিতা কৰিব লাগে,’ তেওঁ কয়। এই মাহতে ময়ো তালৈ যোৱাৰ কথা আছিল। দেখা গৈছে যে মই যোৱা সম্ভৱ নহ’ব।’
২০২০ৰ ২ এপ্ৰিলৰ পৰা মাছমৰীয়াসকলক সাগৰত মাছ ধৰা চৰকাৰে বন্ধ কৰিছে। তদুপৰি প্ৰজনন ঋতুৰ বাবে ১৫ এপ্ৰিলৰ পৰা ১৪ জুনলৈ বাৰ্ষিক মৎস্য চিকাৰ নিষিদ্ধকৰণৰ ৬১ দিনীয়া সময়ো ওচৰ চাপিছিল। এই সময়চোৱাত মটৰ বা যন্ত্ৰচালিত সৰু-ডাঙৰ নাৱৰ যাত্ৰা নিষিদ্ধ। মাছৰ বংশ বৃদ্ধি আৰু সংৰক্ষণৰ বাবে বছৰি ৬১ দিন মাছ ধৰা বন্ধ ৰখা হয়। ‘মই ১৫ মাৰ্চৰ পৰা মাছ ধৰা বন্ধ কৰিলো। মাছ নধৰাৰ কাৰণ হ’ল এপষেক ধৰি মই ধৰা মাছ নিয়মীয়া দামৰ আধা বা তাতকৈ কম দামত বিক্ৰী কৰিবলগা হৈ আছিল।’ একেটা ছেংগাল ৰাও পেটা এলেকাত কাম কৰা ৫৫ বছৰীয়া ভাসুপাল্লে আপ্পাৰাৱে কয়। ‘মাৰ্চত মই কেৱল ৫০০০ টকা উপাৰ্জন কৰিব পাৰিলো। কিন্তু সাধাৰণতে তেওঁ মাহে ১০,০০০ৰ পৰা ১৫,০০০ টকা উপাৰ্জন কৰে।’
‘এপ্ৰিলৰ প্ৰথম দুসপ্তাহত আমি ভাল লাভ কৰো। ইয়াৰ পিছতে বাৰ্ষিক মৎস্য চিকাৰ নিষিদ্ধকৰণ আৰম্ভ হয়, সেয়ে যথেষ্ট গ্ৰাহক পোৱা যায়। যোৱা বছৰ প্ৰজনন ঋতুৰ ৬১ দিনীয়া বন্ধ আৰম্ভ হোৱাৰ আগতে ১০-১৫ দিনতে মই ১৫,০০০ টকা উপাৰ্জন কৰিছিলো,’ খুব উৎসাহেৰে তেওঁ কয়।


বাওঁফালেঃ বিশাখাপট্টনমৰ মৎস্য চিকাৰ পোতাশ্ৰয়ত (ফাইল ফটো) ২০২০ৰ ২ এপ্ৰিলৰ পৰা এইবাৰ মাছমৰীয়াক সাগৰত নমা বন্ধ কৰা হ’ল। সোঁফালেঃ তলাবন্ধৰ সময়ত পোতাশ্ৰয়ৰ প্ৰৱেশপথ আৰু মাছৰ বজাৰত পুলিচে পহৰা দি আছে
এইবাৰ খুব আগতীয়াকৈ মাৰ্চৰ প্ৰথম সপ্তাহত মাছৰ দাম অভাৱনীয় হাৰত নিম্নগামী হ’ল। ৱাঞ্জাৰাম আৰু চন্দুভাই (ৰূপছন্দা) নামৰ মাছ দুবিধ সাধাৰণতে কিলোত ১০০০ টকাকৈ বিক্ৰী হয়, কিন্তু এইবাৰ ইয়াৰ দাম ৪০০-৫০০ টকালৈ নিম্নগামী হয়। আপ্পাৰাওৰ মতে কৰ’ণাভাইৰাছে সৃষ্টি কৰা আতংকৰ বাবে এনেকুৱা হৈছে। ‘এজন মানুহে আহি মোক ক’লে যে মই সাগৰত জাল পেলোৱা উচিত নহয়, কিয়নো মাছে চীনৰ পৰা ভাইৰাছ কঢ়িয়াই আনে,’ তেওঁ হাঁহে। ‘মই ইমান শিক্ষিত নহয়, কিন্তু তেওঁৰ কথা সঁচা বুলি নাভাবো,’ তেওঁ কয়।
চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া জনমূৰি ৫ কিলোগ্ৰামৰ বিনামূলীয়াকৈ ৰেচন পোৱা স্বত্তেও দিন পাৰ হোৱাৰ লগে লগে অধিক সংকটৰ সম্ভাৱনা আছে বুলি আপ্পাৰাৱে ভাবে। ‘যিকোনো বছৰতে প্ৰজননৰ সময়চোৱা বৰ টান হয়। কিন্তু মাছ ধৰা বন্ধ হোৱাৰ আগৰ সময়খিনিত হোৱা লাভৰ বাবে চলি যাও। কিন্তু এইবাৰ পৰিস্থিতি বেলেগ। উপাৰ্জনো নাই, লাভো নাই,’ তেওঁ কয়।
১২ এপ্ৰিলত চৰকাৰে তলাবন্ধ অলপ শিথিল কৰি দিছিল, অলপ সময়ৰ বাবে। মাছমৰীয়াসকলক তিনিদিন সাগৰত মাছ ধৰিবলৈ দিছিল। কাৰণ ৭২ ঘণ্টাৰ পাছতে বাৰ্ষিক মৎস্যচিকাৰ নিষিদ্ধকৰণৰ ৬১ দিনীয়া সময় আৰম্ভ হ’ব। ইয়াৰ ফলত মাছমৰীয়াসকলে অলপ সকাহ পালে, কিন্তু ‘এয়া অতি কম সময় আৰু তলাবন্ধৰ কাৰণে গ্ৰাহকৰ সংখ্যাও একেবাৰে হ্ৰাস পাইছে,’ আপ্পাৰাৱে কয়।
ছেংগাল ৰাও পেটাৰ এটা সংকীৰ্ণ পথত বিশৃংখলকৈ পেলাই থোৱা জুইশলাৰ বাকচৰ দৰে ঘৰবোৰৰ এটাত চিন্তাপাল্লে থাটাৰাও থাকে। ঠেক খটখটী এটাৰে উঠি গ’লে নিষ্প্ৰভ পোহৰেৰে আলোকিত কৰাৰ চেষ্টা কৰা কুঠৰীটোৱেই তেওঁৰ বাসগৃহ। ৪৮ বছৰীয়া মাছমৰীয়া থাটাৰাৱে পুৱা সোনকালে শুই উঠে আৰু একেবাৰে ওচৰতে থকা ঠাইখনলৈ গৈ উপকূললৈ দৃষ্টি নিক্ষেপ কৰে। পাপ্পু দেৱীৰ দৰে তলাবন্ধৰ সময়ত তেওঁ কিমান দূৰ যাব পাৰিব তাৰ হিচাপ কৰে, তেঁৱো বিজিয়ানগৰম জিলাৰ ইপ্পালাৱালাছাৰ পৰা ইয়ালৈ আহিছিল।


বাওঁফালেঃ তলাবন্ধৰ মাজতে সাগৰলৈ যাবলৈ তিনিটা দিন ৰেহাই দিছে যদিও সেয়া ‘অতি কম সময়’, বাসুপাল্লে আপ্পাৰাৱে কয়। সোঁফালেঃ তলাবন্ধৰ মাজতে মিছামাছ বেচিবলৈ চেষ্টা কৰিছে
‘মহাসাগৰলৈ যাব নোৱাৰো। পোতাশ্ৰয়লৈ যাব নোৱাৰো। মাছ ধৰিব নোৱাৰো।’ এক বিষাদভৰা হাঁহি মাৰি তেওঁ কয়। মাছৰ পৰা হোৱা উপাৰ্জনো তেওঁ হেৰুৱালে। ২০২০ৰ ২৬ মাৰ্চত তেওঁ শেষবাৰৰ বাবে সাগৰত নামিছিল।
‘মাছবোৰ বৰফত থৈ দিছিল যদিও সেই সপ্তাহত বহুতো মাছ বিক্ৰী নোহোৱাকৈ থাকি গৈছিল,’ থাটাৰাৱে কয়। ‘তলাবন্ধ হোৱা কাৰণে মই ভাল পাইছো, আমি ভাল মাছ খাবলৈ পাইছো।’ তেওঁৰ পত্নী সত্যাই মাছ কাটি থাকোতেই এইদৰে কয়।
সাগৰৰ পৰা ধৰি অনা মাছ বিক্ৰী কৰোতে ৪২ বছৰীয়া গৃহিণী পত্নী সত্য়াই স্বামী থাটাৰাৱক সহায় কৰে। তলাবন্ধ আৰম্ভ হোৱাৰ পৰা ঘৰখন জীৱন্ত হৈ পৰিছে, ‘সাধাৰণতে ঘৰত মই অকলে থাকো, এতিয়া মোৰ ল’ৰা আৰু স্বামীও আছে। আমি একেলগে বহি দিনৰ বা ৰাতিৰ আহাৰ নোখোৱা বহুত দিন হ’ল। আৰ্থিক সমস্যা আছে যদিও আমি আটাইকেইটা একেলগে থাকিবলৈ পাই মোৰ ভাল লাগিছে,’ মুখত সন্তুষ্টিৰ ভাৱ ফুটি উঠা সত্যাই কয়।
দুবছৰৰ আগতে নাও কিনিবলৈ লোৱা ঋণ কেনেকৈ পৰিশোধ কৰিব, সেই হিচাপ কৰাত থাটাৰাও ব্যস্ত হৈ পৰিছে। তেওঁ কয় যে তেওঁ অসৎ ঋণীলৈ পৰিণত হ’ব। চলিত বৰ্ষৰ শেষত ঋণ আদায় দিয়াৰ চেষ্টা কৰিব। ‘মাছ ধৰিবলৈ তিনিদিন সময় দিয়াৰ কোনো অৰ্থ নাই, যি মাছ ধৰিলো সেয়া অতি কম দামত বিক্ৰী কৰিবলগা হ’ল,’ তেওঁ কয়। ‘মাছ ধৰাতকৈও ভাল দামত মাছ বিক্ৰী কৰা এতিয়া অধিক কঠিন হৈ পৰিছে,’ তেওঁ কয়।
‘মই ল’ৰাটোৰ বাবেও উদ্বিগ্ন হৈ পৰিছো। যোৱা মাহৰ পৰা তাৰ কাম নোহোৱা হ’ল,’ তেওঁ কয়। ২১ বছৰীয়া চিন্তাপাল্লে তৰুণে ফেব্ৰুৱাৰীত চুক্তিৰ ম্যাদ অন্ত নপৰা পৰ্যন্ত এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত ৱেল্ডাৰৰ কাম কৰিছিল। ‘মই চাকৰি বিচাৰি আছিলো, কিন্তু কৰ’ণাভাইৰাছ...’ তেওঁ হুমুনিয়াহ কাঢ়ি কয়।


বাওঁফালেঃ চিন্তাপাল্লে থাটাৰাও, তৰুণ আৰু সত্যা (বাওঁফালৰ পৰা সোঁফাললৈ) ছেংগাল ৰাও পেটাত থকা ঘৰত। সোঁফালেঃ চিন্তাপাল্লে থাটাৰাও আৰু বাসুপাল্লে আপ্পাৰাও (বাওঁফালৰ পৰা সোঁফাললৈ)
‘আমি বস্তি নিবাসী আৰু আমাৰ কাৰণে সামাজিক দূৰত্ব মানি চলা অসম্ভৱ। এই এলেকাৰ কোনো লোক এতিয়ালৈকে সংক্ৰমিত হোৱা বুলি পৰীক্ষাত ধৰা পৰা নাই, ইশ্বৰৰ ইচ্ছা, যদি কোনো লোক সংক্ৰমিত হয়, আমাক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব বুলি মোৰ ধাৰণা,’ থাটাৰাৱে কয়। ‘তেতিয়া আমাক কোনো মাস্ক বা ছেনিটাইজাৰে ৰক্ষা কৰিব নোৱাৰিব,’ তেওঁ কয়। তেওঁৰ ছাৰ্জিকেল মাস্ক নাই, মুখত এখন ৰুমাল বান্ধি লয়। সত্যাই শাৰীৰ আচলেৰে মুখখন ঢাকি লয়।
ইশ্বৰে আমালৈ চকু মেলি নাচাব যেনেই লাগে, অনিচ্ছাৰে হাঁহি এটা মাৰি তেওঁ কয়। ‘যদি মোৰ বা মোৰ পৰিয়ালৰ কোনো এটা এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়, তেন্তে চিকিৎসাৰ বাবে আমাৰ টকা নাই।’ সত্যাই কয়, ‘আমাৰ কোনো এটাৰে স্বাস্থ্য বীমা অথবা সঞ্চয় নাই, আমাৰ কেৱল ঋণ আদায় দিবলগীয়া আছে আৰু ক্ষুধা নিবাৰণ কৰিব লাগে।’
আন বহুতৰ দৰে থাটাৰাও, সত্যা আৰু পাপ্পু দেৱীৰ দৰে মৎস্যজীৱি সম্প্ৰদায়ৰ লোক আন ঠাইৰ পৰা বিশাখাপট্টনমলৈ আহিছে। আনবাৰ তেওঁলোক কেতিয়াবা গাঁৱলৈ ঘূৰি যায়, বিশেষকৈ প্ৰজননকালীন ৬১ দিনীয়া বন্ধৰ সময়ত কেতিয়াবা তেওঁলোক যায়। এইবাৰ গাঁৱলৈ উভতি যোৱাৰ আশা মাৰ গ’ল।
‘আগতে বন্ধ থকা দুমাহৰ ভাড়া আমি দিয়া নাছিলো। এতিয়া দিব লাগিব। প্ৰজনন ঋতুত দুমাহ মাছ ধৰা বন্ধ থকাৰ সময়ত আমি গাঁৱলৈ গৈ আনৰ খেতিপথাৰত কাম কৰো, তাৰ বাবে দিনে ৫০ টকা পাও,’ থাটাৰাৱে কয়। সাধাৰণতে পথাৰৰ শস্য আৰু আন বস্তু বনৰীয়া জন্তুৰ পৰা ৰক্ষা কৰিবলৈ ৰখীয়াৰ কাম পোৱা যায়।
‘তেনেকুৱা কাম কৰোতে কেতিয়াবা মোৰ আউল লাগে। মাছমৰীয়াই আন কাম নাজানে,’ তেওঁ হাঁহে। ‘এতিয়া আমি ইয়াকে আশা কৰিছো যে প্ৰজননকালীন সময় পাৰ হোৱাৰ পাছত যেন ভাইৰাছ নাথাকে,’ তেওঁ কয়।
আলোকচিত্ৰবোৰৰ বাবে লেখকে বিশাখাপট্টনমৰ ‘প্ৰজাশক্তি’ৰ ব্যুৰ’ চীফ মধু নাৰাৱালৈ কৃতজ্ঞতা যাঁচিছে।
অনুবাদঃ পংকজ দাস