গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল । ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে । বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে ।
গৰু -গাই আহি পোৱালৈকে
বিহাৰত খৰিৰ ঠাইত গৰুৰ গোবৰৰ লাডু বনাই থকা মহিলাসকলে দেশৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। অৱশ্যে সেয়া জিডিপিত ধৰা নহয়। কোটি কোটি পৰিয়ালে যদি গৰুৰ গোবৰৰ সলনি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিবলৈ লয়, তেতিয়া কি যে এক বিপৰ্য্যয় নামি আহিব। ভাৰতে পেট্ৰ'লিয়াম আৰু পেট্ৰ'লিয়ামজাত পণ্য আমদানিত ভালেখিনি বৈদেশিক মূদ্ৰা ব্যয় কৰে। ১৯৯৯-২০০০ত সেই পৰিমাণ আছিল ৪৭,৪২১ কোটি।
খাদ্য, খোৱা তেল, ঔষধ আৰু আনুষংগিক পণ্য, ৰাসায়নিক দ্ৰব্য, লো আৰু তীখা আমদানি কৰাৰ নামত ভাৰতৰ যিমান পৰিমাণে বৈদেশিক মুদ্ৰা ব্যয় হয়, পেট্ৰোল আৰু পেট্ৰ'লিয়ামজাতীয় পণ্যৰ নামত তাতকৈ তিনিগুণ বেছি ব্যয় হয়। ভাৰতৰ মুঠ আমদানিৰ ব্যয়ৰ এক চতুৰ্থাংশ পেট্ৰ'লিয়াম আৰু পেট্ৰ'লিয়ামজাত পণ্যৰ নামত হয়।
সাৰ আমদানি কৰোঁতে যি ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ খৰছ হয়, তাৰ তুলনাত প্ৰায় আঠগুণ বেছি ব্যয় হয় পেট্ৰ'লিয়াম আৰু পেট্ৰ'লিয়ামজাত পণ্য আমদানিত। লাখ লাখ মানুহে শস্য উৎপাদন কৰিবলৈ জৈৱসাৰ হিচাপে গোবৰ ব্যৱহাৰ কৰে। ফলত সাৰৰ নামত খৰছ হোৱা এটা বৃহৎ অংশ বাচি যায়। কীটনাশক আৰু পতংগৰোধক হিচাপেও গোবৰ ব্যৱহাৰ কৰা হয়। তাৰ উপৰিও গোবৰৰ অনান্য ব্যৱহাৰো আছে। গোবৰ সংগ্ৰহ কৰা কামটোও ‘মহিলাৰ কাম’ বুলি গণ্য কৰা হয়। কিন্তু এই কাম কৰিয়েই গ্ৰামীণ ভাৰতৰ মহিলাই প্ৰতি বছৰে কত বিলিয়ন ডলাৰ ৰাহি কৰে। কিন্তু ষ্টক একচেঞ্জত গৰুৰ গোবৰৰ পঞ্জীয়ন নথকা কাৰণে আৰু সম্ভৱতঃ এই গোবৰ সংগ্ৰহ কৰা মহিলাসকলৰ জীৱনৰ প্ৰতি আমি উদাসীন হোৱা হেতুকে মূলধাৰাৰ অৰ্থনীতিবিদৰ মনলৈ তেওঁলোকৰ কথা নাহে। তেওঁলোকে শ্ৰমৰ এই ধাৰাক সন্মান জনোৱাটো দূৰৰ কথা, তেওঁলোকে সেয়া দেখাই নাপায়।
মহিলাই গৰু-মহৰ কাৰণে দানা সংগ্ৰহ কৰে। গোবৰৰ সৈতে ডাল-পাত আৰু শস্যৰ অৱশিষ্ট অংশ মিহলি কৰি ৰন্ধাৰ বাবে গোবৰৰ লাডু প্ৰস্তুত কৰে। তেওঁলোকৰ নিজৰ পছন্দ-অপছন্দৰ কথা ইয়াত আহি নপৰে, এই কাম তেওঁলোকে কৰিবই লাগিব। গোবৰ সংগ্ৰহ কৰাটো কষ্টসাধ্য কাম আৰু ব্যৱহাৰ কৰাটোও অতিকৈ কঠিন।
লাখ লাখ মহিলাই কষ্ট কৰে কাৰণেই আজি ভাৰত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আগশাৰীত থাকিব পাৰিছে। কেৱল এই কাৰণে নহয় যে দেশৰ ১০ কোটি গৰু আৰু মহৰ গাখীৰ খীৰোৱা কামটো মহিলাই কৰে। অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমৰ মহিলাৰ কাৰণে সেয়া সমগ্ৰ কামটোৰ এটা সৰু অংশহে। গৰু-মহৰ কাৰণে দানা যোগাৰ কৰা, খুউৱা, গা ধুৱাই দিয়া, গোহালি চাফা কৰা আৰু গোবৰ সংগ্ৰহ কৰা- এই সকলোবোৰ কাম আছেই। তেওঁৰ চুবুৰীয়া ইতিমধ্যে গৰুৰ গাখীৰ নি দুগ্ধ সমিতি পাইছে, তাতে বেচা-কিনা হ’ব। দুগ্ধখণ্ডত কৰ্মৰত মহিলাৰ সংখ্যা ৬৯ৰ পৰা ৯৩ শতাংশ। দুগ্ধজাত পণ্যৰ প্ৰক্ৰিয়াকৰণৰ কামো তেওঁলোকেই মূলতঃ কৰে। কোৱা বাহুল্য যে পশুধনৰ চোৱা-চিতা আৰু উৎপাদনৰ সকলোখিনি কাম ঘাইকৈ মহিলাই কৰে।
তেওঁৰ আন এগৰাকী প্ৰতিবেশীয়ে মহবোৰ পথাৰত চৰোৱাৰ পিছত ঘৰলৈ আনিছে (প্ৰচ্ছদ ফটোত)। সৰু কিন্তু খুবেই খঙাল কুকুৰ এটাই সিহঁতক আগচি ধৰাত মহকেইটাই অকণমান ভয় খাইছে। মহিলাগৰাকীয়ে সকলো দেখি আছে আৰু বিচলিত নহৈ পৰিস্থিতি ভালদৰে চম্ভালি লৈছে। তেওঁ মহকেইটা খেদি নি নিৰাপদ স্থানলৈ লৈ যাব। তেওঁৰ জীৱনটোৰ এয়া প্ৰাত্যাহিক ঘটনা।
গৰু-মহৰ গাখীৰ বা মাংস বিক্ৰী কৰাটোৱেই একমাত্ৰ উপাৰ্জনৰ মাধ্যম নহয়। লাখ লাখ ভাৰতীয়ৰ বাবে এই গৰু-মহেই একপ্ৰকাৰ জীৱন বীমাৰ কামো কৰে। কঠিন বিপদৰ সময়ত যেতিয়া আয়ৰ সকলো বাট বন্ধ হৈ পৰে, দৰিদ্ৰ লোকে দুই-এটা গৰু-মহ বিক্ৰী কৰি পেট পোহে। এনেদৰে গৰু-মহৰ স্বাস্থ্যৰ ওপৰতে দৰিদ্ৰ জনতা কুশলে থকাটো নিৰ্ভৰ কৰে। কোৱাটো নিষ্প্ৰয়োজন যে গৰু-মহৰ স্বাস্থ্যৰ দায়িত্বও মহিলাৰ ওপৰতে আহি পৰে। তথাপি সেই গৰু-মহৰ মালিকীস্বত্ত্ব খুব কম মহিলাইহে পায়। দেশৰ ৭০ হাজাৰ গ্ৰামীণ দুগ্ধ সমবায় সমিতিৰ অধিকাংশই পুৰুষে নিয়ন্ত্ৰণ কৰে। এনে সমিতিত মহিলাৰ সদস্য হাৰ কেৱল ১৮ শতাংশ। এই সমবায়ৰ পৰিচালনা সমিতিত মহিলা সদস্যৰ হাৰ তিনি শতাংশতকৈও কম।
অনুবাদ: পংকজ দাস