২০২২ৰ অক্টোবৰ মাহৰ আবেলি এটাৰ কথা। নিশকতীয়া বয়সস্থ মহিলা এগৰাকীয়ে বেল্লাৰিৰ ৱাদ্দু গাঁৱৰ সামূহিক কেন্দ্ৰ এটাৰ মজিয়াত বহি আছে। খুটা এটাত তেওঁ আউজি ভৰি দুটা মেলি বহিছে। চন্দুৰ তালুকৰ ২৮ কিলোমিটাৰ পাহাৰীয়া ৰাস্তাটোত খোজ কাঢ়ি তেওঁ ভাগৰি পৰিছে। এতিয়াও তেওঁ আৰু ৪২ কিলোমিটাৰ খোজ কাঢ়িব লাগিব।
চন্দুৰৰ সুশীলানগৰ গাঁৱৰ খনিৰ কৰ্মী হনুমাক্কা ৰংগন্না এগৰাকী খনিৰ বনুৱা যিয়ে বেল্লাৰি জিলা গনি কৰ্মিকাৰা সংঘৰ দ্বাৰা আয়োজিত দুদিনীয়া পদযাত্ৰাত ভাগ লৈছে। প্ৰতিবাদীসকলে উত্তৰ কৰ্ণাটকৰ বেল্লাৰী স্থিত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত তেওঁলোকে নিজৰ দাবীপত্ৰ জমা দিবলৈ ৭০ কিলোমিটাৰ বাট খোজকাঢ়িছে। যোৱা ১০ টা বছৰত এয়া ষোল্ল নম্বৰ বাৰ তেওঁ আন খনন কৰ্মীৰ লগত এনেকৈ নিজৰ বাবে ক্ষতিপূৰণ আৰু জীৱিকাৰ বিকল্প উপায় দাবী কৰি ৰাস্তালৈ ওলাই আহিছে।
নব্বৈৰ দশকৰ শেষভাগত বেল্লাৰিৰ খনিৰ কামৰ পৰা উলিয়াই দিয়া শ শ মহিলা বনুৱাৰ মাজৰ তেঁৱো এগৰাকী। “ধৰি লওক মোৰ বয়স এতিয়া ৬৫, সেই হিচাপত মই মোৰ কাম হেৰুওৱা ১৫ বছৰ হ’ল,” তেওঁ কয়। “বহুতেই পইচা (ক্ষতিপূৰণ)ৰ আশাত ৰৈ ৰৈ এই পৃথিৱী এৰিলে…মোৰ স্বামীও ঢুকাল।”
“এতিয়া জীয়াই থকাখিনি অভিশপ্ত। এই অভিশপ্ত জীৱনটোত ক্ষতিপূৰণ পাম নে নোপোৱাকৈয়ে আমিও মৰিব লাগিব নাজানো,” তেওঁ কয়। “আমি প্ৰতিবাদ কৰিব আহিছো। য’তেই মিটিং বহে, মই তালৈকে যাও। ভাবিছো, শেষবাৰৰ বাবে চেষ্টা কৰি চাও।”


বাওঁফালে: খনিত কাম কৰা মহিলা কৰ্মীসকলে চন্দুৰৰ পৰা বেল্লাৰীলৈ ২০২২ৰ অক্টোবৰত ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপন বিচাৰি প্ৰতিবাদী পদযাত্ৰাত ভাগ লৈছে। সোঁফালে: বেল্লাৰীৰ লোৰ খনি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ২০১১ত প্ৰায় ২৫ হাজাৰ খনিৰ কৰ্মীক উলিয়াই দিয়া হৈছিল
*****
ব্ৰিটিছ চৰকাৰে ১৮০০ শতিকাত কৰ্ণাটকৰ বেল্লাৰী, হোচপেট আৰু চন্দুৰ অঞ্চলত কম পৰিমাণে লোৰ আকৰ খননৰ কাম আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰ আৰু মুষ্টিমেয় কোম্পানীয়ে লগ লাগি ১৯৫৩ত লোৰ খননৰ কাম আৰম্ভ কৰে। একেটা বৰ্ষতে ৪২ জন সদস্যৰে বেল্লাৰী ডিষ্ট্ৰিক্ট মাইন ৱ’নাৰ্ছ এছচিয়েচন প্ৰতিষ্ঠা হয়। চল্লিশ বছৰ পিছত ৰাষ্ট্ৰীয় খনিত নীতি, ১৯৯৩ অহাৰ পিছত খনিৰ খণ্ডত ভালেখিনি পৰিৱৰ্তনে দেখা দিয়ে। প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আৰম্ভ হয়, যিটোৰ জৰিয়তে লোৰ খনিত বিদেশী কোম্পানীৰ বিনিয়োগত উৎসাহ যোগোৱা হ’ল আৰু উৎপাদনৰ ক্ষেত্ৰত উদাৰীকৰণ কৰা হ’ল। আগন্তুক বৰ্ষবোৰত বেল্লাৰীত ব্যক্তিগত খনন কোম্পানীৰ সংখ্যা বাঢ়িল আৰু বৃহৎ হাৰত মেচিনৰ ব্যৱহাৰ বৃদ্ধি পালে। মেচিনৰ ওপৰত নিৰ্ভৰশীলতা বঢ়াৰ ফলত হাতেৰে কৰা কাম কমিল আৰু খন্দা, গুড়ি কৰা, কটা আৰু চালনিৰে চেকা আদি কাম কৰা মহিলাসকল এই উদ্যোগৰ বাবে অপ্ৰয়োজনীয় হৈ পৰিল।
এই পৰিৱৰ্তন অহাৰ আগতে কিমান মহিলা শ্ৰমিক এই কামত নিয়োজিত হৈ আছিল, তাৰ কোনো তথ্য নাই যদিও গাঁৱৰ মানুহে কোৱা মতে প্ৰতি দুগৰাকী পুৰুষৰ বিপৰীতে অতিকমেও চাৰিৰ পৰা ছগৰাকী মহিলা কায়িক শ্ৰমিক আছিল। “মেচিন আহিল, আমাৰ কাম নোহোৱা হ’ল। শিল ভঙা আৰু সেয়া বোজাই কৰা কাম আমাৰ ঠাইত মেচিনে কৰিবলৈ ল’লে,” হনুমাক্কাই মনত পেলায়।
“খনিৰ মালিকে আমাক আৰু আহিব নালাগে বুলি ক’লে। লক্ষ্মী নাৰায়ন মাইনিং কোম্পানী (এল.এম.চি.)য়ে আমাক একো নিদিলে,” তেওঁ কয়। “আমি বহুত কষ্ট কৰিছিলো, কিন্তু আমাক এপইচাও দিয়া নহ’ল।” সেইখিনি সময়তে তেওঁৰ জীৱনত আৰু এক পৰিৱৰ্তন আহিল, তেওঁ চতুৰ্থটো সন্তান জন্ম দিলে।
ব্যক্তিগত কোম্পানী এল.এম.চি.ত কাম হেৰুওৱাৰ কেইটামান বছৰ পিছত, ২০০৩ত ৰাজ্য চৰকাৰে ১১,৬২০ বৰ্গকিলোমিটাৰ ভূমি সংৰক্ষিত অঞ্চলৰ পৰা কৰ্তন কৰে, যিখিনি ভূমি আগতে ব্যক্তিগত খণ্ডৰ খননৰ বাবে ৰাজ্য চৰকাৰে আচুতীয়াকৈ ৰাখিছিল। এইখিনি সময়তে চীনত লোৰ চাহিদা অপ্ৰত্যাসিত হাৰত বাঢ়িল। পৰিণামস্বৰূপে এই ব্যৱসায়ো উৰ্ধগামী হ’ল। ২০১০ত লোৰ আকৰৰ ৰপ্তানি আশ্চৰ্য্যজনকভাবে ৫৮৫ শতাংশ বাঢ়িল আৰু ২০০৬ৰ ২.১৫ কোটি মেট্ৰিক টনৰ তুলনাত ১২.৫৭ কোটি মেট্ৰিক টন হৈ পৰিল। কৰ্ণাটক লোকায়ুক্ত (কুপ্ৰশাসন আৰু দুৰ্নীতিৰ ওপৰত নজৰ ৰখা ৰাজ্যিক পৰ্য্যায়ৰ বিষয়া)ৰ এক প্ৰতিবেদনত কোৱা হ’ল যে ২০১১লৈ জিলাখনত প্ৰায় ১৬০ টা খনি আছিল, য’ত প্ৰায় ২৫ হাজাৰ শ্ৰমিকে কাম কৰি আছিল। তাৰে অধিকাংশ পুৰুষ শ্ৰমিক আছিল। অৱশ্যে এক বেচৰকাৰী উৎসই কোৱা মতে ডেৰৰ পৰা দুই লাখ স্ৰমিকে এই খননৰ বিভিন্ন আনুষংগিক কাৰ্য্যকলাপ যেনে স্পঞ্জ আইৰন নিৰ্মাণ, তীখাৰ মিল, পৰিবহন আৰু গধুৰ বাহনৰ ৱৰ্কশ্বপত কাম কৰি আছিল।


চন্দুৰৰ ৰামগড় অঞ্চলৰ লোৰ খনিৰ এটা দৃশ্য
উৎপাদন আৰু কামৰ এই উৰ্ধগামী অৱস্থা স্বত্ত্বেও হনুমাক্কাকে ধৰি বৃহৎসংখ্যক মহিলা শ্ৰমিকক কেতিয়াও খনিৰ কামলৈ ঘুৰাই নিয়া নহ’ল। কামৰ পৰা অব্যাহতিৰ বাবেও তেওঁলোকক একো ক্ষতিপূৰণ দিয়া নহ’ল।
*****
বেল্লাৰীৰ খনন খণ্ডৰ দ্ৰুত বিকাশৰ কালচোৱাত খনন কোম্পানীবোৰে অবাধ খনন চলালে আৰু চৰকাৰে ২০০৬ৰ পৰা ২০১০ৰ ভিতৰত ১৬,০৮৫ কোটি টকাৰ লোকচান ভৰিবলগীয়া হ’ল। খননৰ দুৰ্নীতিৰ অনুসন্ধান কৰিবলৈ নিৰ্দেশ অনুযায়ী লোকায়ুক্তৰ প্ৰতিবেদনত খননৰ দুৰ্নীতিত একাধিক কোম্পানী জৰিত বুলি প্ৰকাশ পালে আৰু হনুমাক্কাই যিটো কোম্পানীত কাম কৰিছিল, নাৰায়ন মাইনিং কোম্পানীৰ নামো এই দুৰ্নীতিগ্ৰস্ত কোম্পানীৰ তালিকাত আছিল। লোকায়ুক্তৰ প্ৰতিবেদনৰ আধাৰত উচ্চতম ন্যায়ালয়ে ২০১১ত বেল্লাৰীৰ লোৰ আকৰৰ খননত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰী কৰে।
এটা বছৰ পিছত ন্যায়ালয়ে কেইটামান কোম্পানী যিয়ে কোনো নিয়ম উলংঘা কৰা নাই, সেইকেইটাক খনন চলোৱাৰ অনুমতি দিয়ে। সৰ্বোচ্চ ন্যায়ালয়খনে নিয়োগ কৰা চেন্ট্ৰেল এমপাৱাৰ্ড কমিটি (চি.ই.চি.)ৰ নিৰ্দেশ অনুযায়ী ন্যায়ালয়ে খনন কোম্পানীবোৰক বিভিন্ন বৰ্গত ভগালে: ‘এ’ যিয়ে একো নিয়ম উলংঘা কৰা নাই; ‘বি’ মানে কিছু নিয়মৰ উলংঘন; আৰু ‘চি’ মানে একাধিক উলংঘন। পৰ্য্যায়ক্ৰমে ২০১২ৰ পৰা কমকৈ উলংঘন কৰা কোম্পানীবোৰক খননৰ পুনৰ অনুমতি দিয়া হয়। খননৰ লীজৰ পুনৰাৰম্ভৰ বাবে পুনৰুদ্ধাৰ আৰু পুনৰ্সংস্থাপন (আৰ.এণ্ড আৰ.)ৰ উদ্দেশ্যাৱলী আৰু নিৰ্দেশনাৱলীও চি.ই.চি. প্ৰতিবেদনে প্ৰস্তুত কৰিলে।
অবৈধ খননৰ দুৰ্নীতিয়ে কৰ্ণাটকৰ ভাৰতীয় জনতা দলৰ তেতিয়াৰ চৰকাৰত তোলপাৰ লগায় আৰু বেল্লাৰীত প্ৰাকৃতিক সম্পদৰ খননৰ অবাধ শোষণৰ কথা ফাদিল হয়। প্ৰায় ২৫ হাজাৰ খনন কৰ্মীক কোনো ক্ষতিপূৰণ নিদিয়াকৈ কামৰ পৰা উলিয়াই দিয়া হয়। কিন্তু সেইকথাই অৱশ্যে বাতৰিৰ শিৰোনাম দখল কৰিব নোৱাৰিলে।
উপায়ন্তৰ হৈ সেই শ্ৰমিকসকলে লগ লাগি ক্ষতিপূৰণ আৰু পুনৰ্নিয়োগৰ হেতু দাবী উত্থাপনৰ বাবে বেল্লাৰী জিলা গনি কৰ্মিকাৰা সংঘ প্ৰতিষ্ঠা কৰে। সংঘই ৰেলী আৰু ধৰ্ণা দিবলৈ আৰম্ভ কৰে আৰু ২০১৪ত ২৩ দিনীয়া ধৰ্মঘট কৰি শ্ৰমিকসকলৰ দুৰ্দশাৰ প্ৰতি চৰকাৰৰ মনযোগ আকৰ্ষণৰ চেষ্টা কৰে।


বাওঁফালে: ২০১২ত পৰ্য্যায়ক্ৰমে খনিবোৰ উচ্চতম ন্যায়ালয়ে মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো কামৰ পৰা অব্যাহতি দিয়া বৃহৎ সংখ্যক খনিৰ বনুৱাক পুনৰ কামত নিয়োজিত কৰা নহ’ল। সোঁফালে: শ্ৰমিকৰ দুৰ্দশাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে বেল্লাৰি জিলা গনি কৰ্মিকাৰা সংঘই ভালেমান ৰেলী আৰু ধৰ্ণা আয়োজন কৰি আহিছে

নিজৰ বয়স ৬৫ বুলি কোৱা হনুমাক্কা ৰংগান্না সেই শ শ মহিলাসকলৰ মাজৰ এগৰাকী, যিয়ে ১৯৯০ৰ শেষৰফালে খনিৰ কাম হেৰুৱাইছিল
সংঘৰ শ্ৰমিকসকলে পুনৰুদ্ধাৰ সংক্ৰান্ত পদক্ষেপ যাক কম্প্ৰেহেনচিভ এনভাইৰ’মেণ্ট প্লেন ফৰ মাইনিং ইমপেক্ট জ’ন বুলি কোৱা হয়, সেয়াও চামিল কৰাৰ দাবীত জোৰ দিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ২০১৪ত কৰ্ণাটক খনন পৰিৱেশ পুনৰুদ্ধাৰ নিগম স্থাপন কৰা হয়, যাৰ কাম হৈছে বেল্লাৰীৰ স্বাস্থ্য, শিক্ষা, যোগাযোগ আৰু পৰিবহনৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা, লগতে অঞ্চলটোৰ পৰিস্থিতিতন্ত্ৰ আৰু পৰিৱেশৰ পুনৰুদ্ধাৰৰ পৰিকল্পনা ৰূপায়নৰ দায়িত্বও দিয়া হয়। এই পৰিকল্পনাত শ্ৰমিকসকলে তেওঁলোকৰ ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ দাবীও চামিল কৰাৰ দাবী তোলে। গোপি ৱাই., সংঘৰ সচিবগৰাকীয়ে কয় যে তেওঁলোকে উচ্চতম ন্যায়ালয় আৰু লেবাৰ ট্ৰিবুনেলতো আৰ্জি দিছে।
শ্ৰমিকসকল এনেদৰে সংঘবদ্ধ হৈ পৰাত হনুমাক্কাই মহিলা শ্ৰমিকক এনেকৈ কামৰ পৰা হঠাৎ খেদি পঠিওৱাৰ দৰে অন্যায়ৰ বিৰুদ্ধে থিয় দি মাত মতাৰ এক মঞ্চ বিচাৰি পালে। তেওঁ প্ৰায় ৪০০০ মহিলাৰ এই সংঘ (২০১১ত কামৰ পৰা উলিয়াই দিয়া ২৫ হাজাৰ শ্ৰমিকৰ ভিতৰত)ত যোগদান কৰিলে যিয়ে ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপন বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন (ৰিট পিটিচন) দাখিল কৰিলে। “১৯৯২-১৯৯৫লৈ আমি কাগজে-পত্ৰইহে আছিলো। তেতিয়া আমাৰ কোনেও আগলৈ আহি কথা ক’ব পৰা নাছিল (শ্ৰমিকসকলৰ বাবে),” শ্ৰমিক সংঘটোৰ সদস্য হোৱাৰ পিছত লাভ কৰা শক্তি আৰু সমৰ্থনৰ বিষয়ে তেওঁ কয়। “এখনো মিটিং (সংঘ) মই এৰা নাই। আমি হোচপেট, বেল্লাৰী সকলোলৈকে গৈছো। চৰকাৰে আমাৰ প্ৰাপ্যখিনি দিয়ক,” হনুমাক্কাই কয়।
*****
কিমান বয়সৰ পৰা হনুমাক্কাই খনিত কাম কৰিবলৈ আৰম্ভ কৰিছিল, সেয়া তেওঁৰ মনত নাই। অনুসূচিত জনজাতি হিচাপে ৰাজ্যখনত তালিকাবদ্ধ বাল্মিকী সম্প্ৰদায়ত তেওঁ জন্ম পাইছিল। শৈশৱ কটাইছিল লোৰ আকৰেৰে ভৰা সুশীলানগৰত। উপান্ত শ্ৰেণীৰ ভূমিহীন লোকে যি কাম কৰে, তেঁৱো সেয়াই কৰিছিল - খনিত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
“সৰুকালিৰ পৰাই খনিত কাম কৰা মনত পৰে,” তেওঁ কয়। “মই ভালেকেইটা খনন কোম্পানীত কাম কৰিছো।” সৰুকালিৰে পৰা অভ্যাস থকা কাৰণে তেওঁ পাহাৰ বগোৱা, শিলত (লোৰ আকৰ থকা) জাম্পাৰ লগাই ফুটা কৰা আৰু তাত ৰাসায়নিক ভৰাই বিস্ফোৰণ কৰোৱা কামত তেওঁ পাকৈত; খনিত প্ৰয়োজন হোৱা আটাইবোৰ গধুৰ সঁজুলি ব্যৱহাৰ কৰিব তেওঁ ভালদৰে জানে। “তেতিয়া কোনো মেচিন নাছিল,” তেওঁ মনত পেলায়। “মহিলাই যোৰা পাতি কাম কৰিছিল। (বিস্ফোৰণ পাছত) ঢিলা হৈ পৰা লোৰ আকৰবোৰ কিছুমানে এৰুৱাইছিল। আমি শিলৰ ডাঙৰ টুকুৰাবোৰ তিনিটা আকাৰত ভাঙিছিলো।” ধূলি আদি আঁতৰোৱাৰ বাবে আকৰ চালি লোৱাৰ পিছত আমি সেইবোৰ মূৰত লৈ ট্ৰাকত লোড কৰিছিলো। “আমি বহুত কষ্ট কৰিছিলো। আমাৰ সমান কষ্ট কোনেও নকৰে,” তেওঁ মনত পেলায়।
“মোৰ স্বামী সুৰাপায়ী আছিল। পাঁচজনীকৈ ছোৱালী ডাঙৰ কৰিবলগীয়া হৈছে.” তেওঁ কয়। “তেতিয়া মই ভঙা প্ৰতি টন (আকৰ)ত ৫০ পইচা পাইছিলো। আমি খাদ্যৰ বাবে কষ্ট কৰিবলগীয়া হৈছিল। প্ৰতিজনে আধা টুকুৰা ৰুটি খাবলৈ পাইছিলো। হাবিৰ পৰা সেউজীয়া পাত আদি আনি গুড়ি কৰি নিমখ সানি ৰুটিৰ লগত খাইছিলো। কেতিয়াবা আমি বেঙেনা এটা কিনিছিলো, দীঘল আৰু গোলাকাৰ, খৰিত পুৰি বাকলি গুছাই নিমখ সানি খাইছিলো। আমি সেয়া খাই পানী বেছিকৈ খাই শুইছিলো…তেনেকৈ দিন নিয়াইছিলো।” শৌচাগাৰ, পানী কিম্বা সুৰক্ষামূলক গিয়েৰ আদি নোহোৱাকৈ হনুমাক্কাই কোনোমতে পেটেভাতে খাই জীয়াই আছিল।

ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ দাবী জনাই প্ৰায় ৪,০০০ খনি শ্ৰমিকে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে

খনিৰ আন শ্ৰমিকসকলৰ সৈতে হনুমাক্কা ৰংগান্না (বাওঁফালৰ পৰা দ্বিতীয়) আৰু হম্পাক্কা ভীমাপ্পা (বাওঁফালৰ পৰা তৃতীয়)য়ে চন্দুৰৰ ৱাদ্দু গাঁৱত জিৰণি লোৱাৰ পিছত পুনৰাই প্ৰতিবাদী মৰ্চা আগুৱাই নিবলৈ সাজু হৈছে
তেওঁৰ গাঁৱৰে আন এগৰাকী খনিৰ শ্ৰমিক হম্পাক্কা ভীমাপ্পাই শ্ৰম আৰু বঞ্চনাৰ একেই কাহিনী কয়। অনুসূচিত জাতিত জন্মগ্ৰহণ কৰা হম্পাক্কাক শৈশৱতে ভূমিহীন কৃষিশ্ৰমিক এজনৰ সৈতে বিয়া দিয়া হয়। “বিয়াৰ সময়ত মোৰ বয়স কিমান আছিল মোৰ মনত নাই। সৰু থাকোতেই মই খনিত কাম কৰিবলৈ লৈছিলো, তেতিয়া মই কৈশোৰো গৰকা নাছিলো,” তেওঁ কয়। “এক টন লোৰ আকৰ ভাঙি মই ৭৫ পইচা পাইছিলো। এসপ্তাহ কাম কৰিলেও সাত টকা নহৈছিল। ইমান কম পইচা দিয়ে, সেয়া দেখি কান্দি কান্দি ঘৰলৈ আহিছিলো।”
পাঁচ বছৰ ৭৫ পইচা প্ৰতিদিন উপাৰ্জন কৰাৰ পিছত হম্পাক্কাৰ হাজিৰা ৭৫ পইচা বঢ়োৱা হৈছিল। আকৌ চাৰিটা বছৰ ১.৫০ টকাকৈ পোৱাৰ পিছত তেওঁক ৫০ পইচা বেছিকৈ দিয়া হ’ল। “মই (এক টন লোৰ আকৰ ভঙাৰ বাবে) ২ টকাকৈ ১০ বছৰ কাম কৰিছো,” তেওঁ কয়। “মই সপ্তাহত ১.৫০ টকাকৈ ঋণ এটাৰ সুত দিও আৰু ১০ টকা বজাৰ কৰোঁতে যায়…তেতিয়া আমি সস্তীয় কাৰণে খুদচাউল কিনিছিলো।”
তেতিয়া তেওঁ ভাবিছিল যে উপাৰ্জন বঢ়োৱাৰ একমাত্ৰ উপায় হৈছে বেছি কষ্ট কৰা। তেওঁ পুৱা ৪ বজাতে উঠিছিল, ৰন্ধা-বঢ়া কৰি খাদ্য পেক কৰি লৈছিল আৰু ৬ বজাত ৰাস্তালৈ ওলাই আহি খনিলৈ লৈ যোৱা ট্ৰাকখনৰ বাবে অপেক্ষা কৰিছিল। সোনকালে গৈ পোৱা মানে অতিৰিক্ত এক টন লোৰ আকৰ ভাঙিব পৰা। “আমাৰ গাঁৱৰ পৰা যোৱা বাছ তেতিয়া নাছিল। আমি ট্ৰাক চালকক ১০ পইচা দিব লাগিছিল, পিছলৈ সেয়া ৫০ পইচা হৈছিল,” হম্পাক্কাই মনত পেলায়।
ঘৰলৈ উভতি অহাৰ যাত্ৰা সিমান সুচল নাছিল। আবেলি তেওঁ আন চাৰি-পাঁচগৰাকী শ্ৰমিকৰ সৈতে লোৰ গধুৰ আকৰেৰে ভৰা ট্ৰাকৰ কোনোমতে বগাই উঠিছিল। “কেতিয়াবা ট্ৰাকখন তীব্ৰ গতিত ঘুৰিলে আমি চাৰি-পাঁচজন ট্ৰাকৰ পৰা পৰি গৈছিলো। কিন্তু কেতিয়াও দুখ পোৱা নাছিলো। পুনৰাই একেখন ট্ৰাকতে উঠিছিলো,” তেওঁ কয়। কিন্তু অতিৰিক্ত টন লোৰ আকৰৰ বাবে তেওঁ কেতিয়াও পইচা পোৱা নাছিল। “আমি তিনি টন ভাঙিলে দুই টনৰ পইচা পাইছিলো,” তেওঁ কয়। “আমি সুধিব বা কিবা এটা ক’ব পৰা নাছিলো।”


চন্দুৰৰ পৰা বেল্লাৰীলৈ দুদিনীয়া পদযাত্ৰাৰ দ্বিতীয়টো দিনত খনিৰ শ্ৰমিকসকলে চন্দুৰত পুৱাৰ আহাৰৰ বাবে ৰৈছে


বাওঁফালে: প্ৰতিবাদী পদযাত্ৰাত বন্ধুৰ সৈতে ধেমেলীয়া এটা মুহূৰ্তত হনুমাক্কা (মাজত)। সোঁফালে: খনিত কাম কৰা শ্ৰমিকৰ সৈতে চন্দুৰত হম্পাক্কা (বাওঁফালে)
তেতিয়া আকৰ চুৰি হ’লে মেস্ত্ৰি (কামৰ মূল মানুহজন)য়ে শ্ৰমিকক পইচা নিদিছিল, সেয়া আছিল শাস্তি। “আমি সপ্তাহত তিনি কি চাৰিবাৰ পহৰা দিছিলো, খৰি জ্বলাই মাটিতে শুইছিলো। শিলবোৰ (আকৰ) পহৰা দি আমি পইচা পাইছিলো।”
খনিত দিনৰ ১৬ৰ পৰা ১৮ ঘণ্টা কাম কৰা মানে শ্ৰমিকসকলক তেওঁলোকৰ নিজৰ যতন লোৱাৰ পৰা বলপূৰ্বক আঁতৰাই ৰখা। “আমি সপ্তাহত এদিন গা ধুইছিলো, বজাৰলৈ যোৱাৰ দিনা,‘ হম্পাক্কাই কয়।
ব্যয়সংকোচনৰ সময়ত, ১৯৯৮ত এই মহিলা খনন কৰ্মীসকলে এক টনত ১৫ টকা পাইছিল। এদিনত তেওঁলোকে পাঁচ টন আকৰ ভাঙিছিল আৰু ৭৫ টকা লৈ সন্ধিয়া উভতিছিল। আকৰৰ ডাঙৰ ভাণ্ডাল ভাঙিব পাৰিলে তেওঁলোকে দিনে ১০০ টকা উপাৰ্জন কৰিব পাৰিছিল।
হনুমাক্কা আৰু হম্পাক্কাই খনিত তেওঁলোকৰ কাম হেৰুৱাই খেতিপথাৰত কাম কৰিবলৈ ল’লে। “আমাক কেৱল কুলিৰ কাম দিয়া হ’ল। আমাক কেৱল শিল আঁতৰোৱা বা বন নিৰোৱা আৰু মাকৈ চপোৱা কাম দিয়া হ’ল। আমি এদিনত পাঁচ টকা হাজিৰাত কাম কৰিছিলো। এতিয়া আমাক তেওঁলোক (মাটিৰ মালিক)য়ে দিনে দুশ টকা দিয়া হ’ল,” এতিয়া আৰু পথাৰত নিয়মীয়াকৈ কাম নকৰা হনুমাক্কাই কয়। তেওঁৰ জীয়েকে এতিয়া তেওঁৰ চোৱাচিতা কৰে। পুতেকে দায়িত্ব লোৱাৰ পিছত হম্পাক্কাই এতিয়া কৃষিশ্ৰমিক হিচাপে কাম কৰিবলৈ এৰিছে।
“আমি শিল ভঙা কামত আমাৰ তেজক পানী কৰিছো, আমাৰ যৌৱনৰ সমস্ত শক্তি শেষ কৰিছো। কিন্তু সিহঁতে (খনন কোম্পানীবোৰে) আমাক ফলৰ বাকলিৰ দৰে পেলাই দিছে,” হনুমাক্কাই কয়।
অনুবাদ: পংকজ দাস